• About enajori.com
  • The Team
  • Archive
  • Send Us Your Write Ups
  • Feedback

enajori.com

  • Home
  • Art And Culture
    • Film Directors
    • Released Assamese Films
    • Musical Minds
    • Childrens Songs
    • Folk Songs
  • Literature
    • Literary Organizations
    • Authors
    • Literary Awards
    • Popular Books
    • Assamese Poetry
  • Folk Culture
    • Tribes
    • Traditions
    • Festivals
    • Cuisines
    • Ornaments
    • Musical Instruments
  • Wildlife
    • National Parks
      • Kaziranga National Park
      • Manas National Park
      • Nameri National Park
      • Rajiv Gandhi Orang National Park
    • Sanctuaries
      • Laokhowa
      • Gibbon
      • Garampani
      • East Karbi Anglong
      • Burhachapori
      • Bherjan Borajan Padumoni
      • Bardoibam Beelmukh
      • Sonai Rupai
      • Dihing Patkai Sanctuary
  • Tourism
    • Natural Beauties
    • Wildlife Tourism
    • Holy Places
    • Historical Places
    • Ethnic Places
    • Picnic Spots
  • Burhi Aair Sadhu
    • এজনী মালিনী আৰু এজোপা ফুল
    • কুকুৰীকণা
    • গংগাটোপ
    • চম্পাৱতী
    • ঢোঁৰাকাউৰী আৰু টিপচী চৰাই
    • চিলনীৰ জীয়েকৰ সাধু
    • তীখৰ আৰু চুটিবাই
    • তেজীমলা
    • দীঘল ঠেঙীয়া
    • নুমলীয়া পো
    • মেকুৰীৰ জীয়েকৰ সাধু
    • লটকন
    • সৰবজান
  • Childrens Corner
    • তোমালোকৰ ভাল হওঁক
    • মহাদুষ্টৰ দুষ্টবুদ্ধি
    • Kids Art Gallery
  • Exclusive Interviews
    • Ruskin Bond
    • Eli Ahmed
    • Tulika Senapoti
    • Apurba Sarma
    • Nagen Borah
    • Nirupama Borgohain
    • Tilmejur Rahman
    • Dolly Ghosh
    • Monalisha Saikia
  • ASSAMESE FILMS
  • PHOTO ARCHIVE
  • SHORT STORIES
  • MUSIC DATABASE
  • E-LIBRARY
  • POETRY
  • BOOKS
  • AUDIO ARCHIVE
  • ONLINE MUSIC ARCHIVE

তীখৰ আৰু চুটিবাই

লক্ষ্মীনাথ বেজবৰুৱা

          এক গাৱঁত এহাল মাউৰা ল’ৰা-ছোৱালী আছিল। ল’ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল’ৰাটোৰ বুধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি –চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি–জাগৰি ঠোঙোনা মোঙোনা খাই বৰ দুখত উঠিছিল।
সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ’ল। সি বায়েকক ক’লে,-
“চুটি –মুটি বাই,
পিঠা খাবৰ মন যায়।”
বায়েকে উত্তৰ দিলে,-“এ বোপাই, মন গলেই জানিবা, খাবি ক’ৰপৰা ? ঈশ্বৰে আমাক সকলো সুখৰপৰা বঞ্চিত কৰিছে। নহ’লেনো আই-বোপায়ে আমাক টিলৌ টিপৌতে এৰি মৰি যায় নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি-মাগি শাকে-পাতে ভাত এগাল খাওঁ; পিঠা খাবলৈ বৰা ধান পাম ক’ত? তেল পাম ক’ত? গুড় পাম ক’ত?”
বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক’লে,- “চুটিবাই, তই মোক জোখা এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহিমগৈ।” এইবুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ’ল।
এঘৰ মানুহৰ ঘৰত বৰাধান মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধানখেৰ জোকাৰি আতঁৰাইছে, তীখৰে তাক বাৰে ভচহু ফুচুৰি কথা কৈ হহুঁৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়া‍ই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল’ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে,-“হেৰ’ তীখৰ, তোৰ কি হ’ল অ’?” তীখৰে কেঁকাই কেঁকাই উত্তৰ দিলে- “উস, মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই। কি কৰোঁ, কলৈ যাওঁ?” মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ’লতে তীখৰে “ উস, মইও ঘৰলৈকে যাওঁ ; ইয়াত থাকিলে মৰিম” বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক-“ এইয়া ধান নে” বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই ক’লে,-“ধান জানিবা পালো, কিন্তু তেল এটোপা পাওঁ ক’ত? তীখৰ-“বাৰু মোক টেকেলী এটা দে” বুলি কৈ বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ’ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেলপেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক’লে,-“ককাই, ময়ো বেতেৰিটোৰ ওপৰত উঠিম নে? ভৰ সৰহ হ’লে বেগাই তেল ওলাব।” শালৰ গৰাকীয়ে ক’লে- “উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি?” বেতেৰিৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে,-
“এ সীতা শান্তি এ, তোক মই নোবোলো ভাল
সুবৰ্ণৰ দলিচাই গা জুৰ নহ’লে,
তোক লাগে মিৰিগৰ ছাল .. ”
তীখৰৰ মাতটো বৰ সুৰীয়া ; সেইদেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীতগোৱা হ’লত তীখৰে ক’লে,-“ককাই মোৰ ডিঙিটো চৰ্চৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল।” সি এইবুলি ক’লত, গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ’লতে, তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিকৈ তেল ভৰাই লৈ গুচি গ’ল। উভতি অহি তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক’লে,”বাৰু তেল হ’ল, কিন্তু গুড় নহ’লে পিঠা খাবি কিহেৰে?” তীখৰে আকৌ গুড় বিচাৰি লৰ ধৰিলে।
তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটাচেৰেক মানুহে কুঁহিয়াৰৰ পেৰি থকা দেখি এটা বুধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ। যেই পাতত জু‍ই লাগি জ্বলি উঠিল তীখৰে লৰি আহি ফোঁপাই জোঁপাই কুহিয়াৰ পেৰি থকা মানুহ কেইটাক ক’লে,- “ককাই সৰ্ব্বনাশ। সৌ চোৱাচোন, তোমালোকৰ গাৱঁত ধম ধম কৰে জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ’ব।” মানুহকেইটাই সেই ফালে চাই জুই লগা দেখি, কুহিঁয়াৰৰ শালতে কুঁহিয়াৰ, থালীতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলায়ুৰ্দ্ধং কৰিলে।
গুড় পাই চুটিবাইৰ বৰ আনন্দ হ’ল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাত তাইৰ মনত পৰিল খৰি নাই। তেতিয়া তীখৰৰ বায়েকে ক’লে,-“তীখৰ, ভাল কথাটো হ’ল, খৰিলৈ পাহৰিলোৱেই। খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপনি হাবিত সোমাই তীখৰে দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে,-“তইখ কোন অ’? দেখোন ঘপ ঘপ কৰে গছৰ ডাল কাটিব লাগিছ? এইখন মোৰ বাৰী বুলি তই নাজাননে ? তই কিয় মোৰ বাৰীত খৰি লুৰিছ অ’?”
তীখৰে বাঘক দেখি ভয় পাইও ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে,-“অ’ এইটি আমাৰ বাঘ ককাই নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মইৰ বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছো। ভাবিলো তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ।”
তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক’লে,-“নিয়া, নিয়া, মোৰ ভাইটি, যিমান খৰি লাগে নিয়া। মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাম আৰু নো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে,-“সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা, সেইদিনাই।” ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ।
ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে; তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভূ কে নেপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধানখেৰ এসোপাত জুঁই লগাই বৰকৈ ধোঁৱা কৰি দি, বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে। এখন পিঠা পদুলি-মুখত, এখন দুৱাৰ-মুখত আৰু এখন ঢেঁকীৰ ফিচাত সি থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদুলিমুখত থোৱাখন বৰা চাউলৰ, দুৱাৰমুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰমুখৰ খন খালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি সেপ ঢুকিব নোৱাৰি মৰি থাকিল।

  • enajori.com coffee mugs

    Your single purchase of this product will help enajori.com to implement various projects related to culture & heritage. Buy online at following e-shopping sites
  • সুৰৰ এনাজৰী

  • Song of the month

  • Latest Addition to our E-library project

  • Poll of the Month

    Poll of the Month
    Which one is the main factor responsible for the degradation of Assamese film industry?
    Public Opinion
    Total Answers 21
    Total Votes 21
  • Don't Miss

    • Popular
    • Recent
    • article 1পপীয়া তৰাৰ সাধু (১) : ৰীতা চৌধুৰীJanuary 2, 2012
    • mor geetor hajar srotaA Hundred Thousand Bhupen Hazarikas : Raktim SharmaDecember 1, 2011
    • article 1পপীয়া তৰাৰ সাধু (৩) : ৰীতা চৌধুৰীFebruary 1, 2012
    • 1কবিতা – ডিছপোজেবল ভূপেন হাজৰিকা : সমুদ্ৰ কাজল শইকীয়াDecember 1, 2011
    • lakshminath bezbaroaবেজবৰুৱাৰ স্মৃতিৰ মৌ সৰা কথা : বেণুধৰ শৰ্মাMay 1, 2013
    • benudhar sharmaA Peek into the Past : Avinibesh SharmaMay 1, 2013
    • imageThe Morningwalk : Mukul HaloiMay 1, 2013
    • image (2)নতুনত্বৰ পৰশত সৃষ্টিৰ লক্ষ্য : ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যMay 1, 2013
    • Archive

    • Twitter Updates

      • As a Part of our 'Legends of Assam Series' Project, we are going to launch a website exclusively on Literary... fb.me/2509VEAJW 6 days ago
      • Introducing xurorenajori.info fb.me/EZtYDhAG 2 weeks ago
      • enajori.com wishes all, a very Happy Rongali Bihu. সমূহ শুভাকাংক্ষীলৈ ৰঙালী বিহুৰ ওলগ জনালো 2 weeks ago
      • PANORAMA13. The Winner is fb.me/IxZLONLc 3 weeks ago
      Follow @enajori
    • Our Partner

    • News From Assam

      • Unlike Bhullar, Assam convict gets lucky - Times of India
      • Bangladeshi minor girl rescued in Assam - India Today
      • 19 injured as lightning strikes Assam's Chirang district - Times of India
    • FacebookFacebook
    • TwitterTwitter
    • LinkedInLinkedIn

    Copyright © 2013 enajori.com